ধাৰাসাৰ বৰষুণ! মেঘালয়ৰ এইখন জিলাত শুকুৰবাৰে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

120

প্ৰতিকুল বতৰৰ বাবে ১৬ জুনত মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ।

এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ উপায়ুক্তই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত ১৬ জুনত নৰ্থ গাৰো হিলছৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, মেঘালয়ত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা। আজি পূব জয়ন্তীয়া পাহাৰ জিলাৰ সোণাপুৰ টাৰ্ণেলত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে।

ভূমিস্খলনৰ তথ্য লাভ কৰাৰ লগে লগে কৰ্তৃপক্ষই সেই স্থানত উপস্থিত হৈ পথ মুকলিত নামি পৰে। সম্প্ৰতি পথটো অৱৰোধ হৈ আছে আৰু একেখিনি পথ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

উমকিয়াং আৰক্ষীৰ সৈতে লুমছনং আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ – ৬ত গাড়ী চলোৱাৰ সময়ত চালকসকলক সাৱধানতাৰ পৰামৰ্শ দিছে।

ইফালে উত্তৰ-পূব অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত সাতখন ৰাজ্যত একাধিক ভূমিস্খলনৰ বাতৰি পোৱা গৈছে।