দুবছৰ পিছত কোভিড মুক্ত হ’ল ছিকিম…

359

সুদীৰ্ঘ ২ বছৰৰ মূৰত কোভিযমুক্ত হ’ল ছিকিম। স্বাস্থ্য বিভাগে জনোৱা মতে, শুকুৰবাৰে কোভিড আক্ৰান্ত দুয়োজন ৰোগী সুস্থ হৈ উঠাৰ পিছতে কোভিডমুক্ত ৰাজ্য হিচাপে পৰিগণিত হয় ছিকিম।

যোৱা ২৪ ঘণ্টাত পৰীক্ষা কৰা ৮৪টা নমুনাৰ ভিতৰত ৰাজ্যত নতুনকৈ কোনো লোক আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

ছিকিমত মুঠ ৩৯,১৬৫জন ক’ভিড-১৯ত আক্ৰান্ত হৈছে, আৰু এই পৰ্যন্ত ৩৭,৯৬৬জন ৰোগী সুস্থ হৈ উঠিছে, আনহাতে উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰা বাহিৰলৈ প্ৰব্ৰজন কৰিছে ৭৪৭জন।

ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫২ জন বুলি বিভাগটোৱে প্ৰকাশ কৰিছে।

দিল্লীৰ পৰা উভতি অহা এগৰাকী ২৫ বছৰীয়া ছাত্ৰৰ দেহত পজিটিভ ধৰা পৰাৰ পিছতে ২০২০ চনৰ ২৩ মে’ত ছিকিমত প্ৰথমটো ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।