ত্ৰিপুৰা উপ-নিৰ্বাচনঃ মুখ্যমন্ত্ৰী মানিক সাহাৰ মনোয়নন দাখিল

9035

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই সোমবাৰে ৰাজ্যৰ আগন্তুক উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে।

মাণিক সাহাই টাউন বৰদোৱালি বিধানসভা আসনৰ পৰা ত্ৰিপুৰাত অনুষ্ঠিত উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে।

সমৰ্থক আৰু দলীয় কৰ্মীৰ কাষত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই সোমবাৰে ৰিটাৰ্নিং বিষয়াগৰাকীক মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন দাখিল কৰাৰ পিছতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কয়, ‘মই ভোটাৰসকলৰ আশীৰ্বাদৰ আন্তৰিক কামনা কৰিছো যাতে মই ৰাজ্যৰ কল্যাণৰ বাবে অদম্যভাৱে কাম কৰিব পাৰো।

ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ৰাজ্যৰ চাৰিখন বিধানসভা আসনত আগন্তুক উপ-নিৰ্বাচন শাসনাধিষ্ঠিত বিজেপিৰ বাবে এচিড টেষ্ট হ’ব বুলি উল্লেখ কৰিছিল।

উল্লেখযোগ্য যে ত্ৰিপুৰাৰ চাৰিখন বিধানসভা আসনৰ উপ-নিৰ্বাচন ৰাজ্যখনৰ ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰায় ১০ মাহ আগতেই হৈছে।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কয় যে বিজেপিয়ে ভাল ফলাফলৰ আশা কৰিছে আৰু তেওঁলোকে আত্মবিশ্বাসী যে ভোটাৰসকলে “অসময়ত নিৰ্বাচনৰ প্ৰয়োজনীয়তা সৃষ্টি কৰাসকলক উপযুক্ত উত্তৰ দিব”।

ত্ৰিপুৰাৰ উপ-নিৰ্বাচন ৰাজ্যৰ ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে এচিড টেষ্ট হ’ব বুলি মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।