ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়

9099

গুৱাহাটীঃ ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৫১ জনীয়া আগৰতলা পৌৰ নিগমৰ (এএমচি) নিৰ্বাচনত বিজয় সাব্যস্ত কৰে।

গেৰুৱা দলটোৱে খোয়াই (৮ খন আসন), কুমুৰাঘাট (১৫ খন আসন), অমৰপুৰ (১৩ খন আসন), ধৰমনগৰ (২৪ খন আসন), তেলিয়ামুৰা (১৫ খন আসন), জিৰানিয়া (১১ খন আসন), মেলাঘৰ (১৩ খন আসন), সোনামুৰা (১৩ খন আসন), বেলোনিয়া (১৭ খন আসন), এছএমচি (৫খন আসন), এছএমচি (১৭ খন আসন) সহ ১১ খনত বৃহৎ বিজয় লাভ কৰে।

ত্ৰিপুৰাত শাসকীয় দলটোৰ এনে বৃহৎ বিজয়ৰ পিছত টুইটযোগে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অভিনন্দন জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, বিজেপিয়ে সকলো আসনতে প্ৰাৰ্থী প্ৰদান কৰিছিল। বিজেপিয়ে ইতিমধ্যে মুঠ ৩৩৪ খন আসনৰ ভিতৰত ১১২ খন আসন বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰে। বাকী পৌৰ নিগম আৰু নগৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ২২২ খন আসনৰ বাবে ভোটদান কৰা হৈছিল।

প্ৰায় ৭৮৫ জন প্ৰাৰ্থীয়ে ২২২ খন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। যাৰ ভিতৰত ৩৬ জন প্ৰাৰ্থীয়ে পিছত তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছিল।

বিজেপিয়ে মুঠ ২১৭ খন আসন লাভ কৰে। আনহাতে, চিপিআই (এম)য়ে ৩ খন আসন লাভ কৰাৰ বিপৰীতে টিএমচি আৰু টিআইপিআৰএ এখনকৈ আসনত জয়লাভ কৰে।

নিৰ্বাচনৰ ৩৩৪ খন আসনৰ ভিতৰত গেৰুৱা দলে ৩২৯ খন আসন দখল কৰে।