ত্ৰিপুৰাত অপহৰণৰ চেষ্টা চলোৱাৰ সন্দেহত ৪ সন্তক গণপ্ৰহাৰ

9095

এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহত ত্ৰিপুৰাৰ খোৱাই জিলাত একাংশ লোকে শনিবাৰে চাৰিজন সাধুক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

খবৰ অনুসৰি, চাৰিজন সাধু উত্তৰ প্ৰদেশৰ পৰা তেলিয়ামুৰা উপ-বিভাগৰ শান্তিনগৰলৈ আহে আৰু এক পৃথক স্থানত একত্ৰিত হয়। তাত সন্ত কেইগৰাকীয়ে এগৰাকী নাবালিকাৰ সৈতে বাৰ্তালাপৰ চেষ্টা কৰে নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰে।

যাৰ ফলত স্থানীয় একাংশ ৰাইজে নাবালিকা গৰাকীক অপহৰণৰ চেষ্টা কৰা বুলি সন্দেহ কৰি সন্ত কেইগৰাকীক কৰায়ত্ত কৰি উত্তম মাধ্যম শোধায়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সন্ত কেইগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ যায়।

চাৰিজন সাধুক ক্ৰমে- জিতেন্দ্ৰ গোস্মামী (৩১), ভোজৰাজ (৭২), দিনেশ (২১), টিংকু গোস্মামী (৩২) বুলি চিনাক্ত কৰা হৈছে। আনহাতে সন্ত কেইজন অহা বাহনখনৰ চালকজনক ধৰ্মবীৰ সিং (৩৮) বুলি চিনাক্ত কৰা হৈছে।

পিছত, প্ৰাথমিক অনুসন্ধানৰ পিছত, আৰক্ষীয়ে সন্ত কেইজনক মুকলি কৰি দিয়ে। ইফালে ঘটনাটোৰ পিছত, অখিল ভাৰতীয় মিলি কাউন্সিল, ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ নেতাসকলে ৰাজ্য চৰকাৰক ৰাজ্যখনত এনে আক্ৰমণ আৰু লিঞ্চিং কাৰ্যকলাপৰ বিৰুদ্ধে এক শক্তিশালী আইন প্ৰণয়ন কৰিবলৈ দাবী জনায়।