ষ্টাফৰিপোৰ্টাৰ, ২১ মে: ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা ‘অসমীয়া খবৰ’ৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক মোজ্জাহিদুল হকৰ অকাল বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক বিবৃতিত প্ৰেছ ক্লাব সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে কয় “মোজ্জাহিদুল হকৰ মৃত্যু অসমৰ সংবাদ জগতৰ এক অপূৰনীয় ক্ষতি ৷ যোৱাটো শতিকাৰ আশীৰ দশকতে সাংবাদিকতা আৰম্ভ কৰা প্ৰয়াত হকৰ অৱদান অসমৰ সংবাদ জগতে শ্ৰদ্ধাৰে স্মৰন কৰিব ৷ তেওঁ অসমৰ ন প্ৰজন্মৰ সাংবাদিকসকলৰ বাবে আদৰ্শ হৈ ৰব ৷ প্ৰয়াত হকৰ ৰাজনৈতিক ব্যংগ লেখাসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ বুলি অভিহিত কৰি প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদকে প্ৰয়াত সাংবাদিকগৰাকীৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায় ৷
