নিজকে জিলা উপায়ুক্ত হিচাপে পৰিচয় দি একাধিক জনৰ পৰা ধন সংগ্ৰহৰ অভিযোগত সোমবাৰে শোণিতপুৰৰ তেজপুৰৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
সূত্ৰঅনুসৰি, অংকুৰ নাৰায়ণ নামৰ অভিযুক্তজনে জিলাখনৰ ডিচি বুলি পৰিচয় দি কেইবাজনো লোকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল।
আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এছক’ৰ্টসহ এটা ১০ জনীয়া দলক গ্ৰেপ্তাৰ কৰে।
উল্লেখ কৰিব পাৰি যে শোনিতপুৰ জিলাৰ বৰ্তমানৰ ডিচি হৈছে দেৱ কুমাৰ মিশ্ৰ।