ছিকিম বিজেপিৰ প্ৰাক্তন সভাপতি ডি বি চৌহানৰ দলৰ পৰা পদত্যাগ…

285

ছিকিমৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ডি বি চৌহানে সোমবাৰে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

চৌহানে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক পদত্যাগ পত্ৰ দাখিল কৰে।

”আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ পত্ৰ আগবঢ়াব বিচাৰিছো। যোৱা ১০ বছৰ ধৰি মই দলত বেলেগ ক্ষমতাত কাম কৰিছিলো য’ত দলীয় মঞ্চৰ জৰিয়তে আমাৰ ছিকিম ৰাজ্যক সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলো।” পদত্যাগ পত্ৰত এইদৰে উল্লেখ কৰে চৌহানে।

লগতে চৌহানে তেওঁক আৰু দলটোক সমৰ্থন কৰা সকলো দলীয় কৰ্মী, নেতা, শুভাকাংক্ষীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

”মই এতিয়া বুজিলোঁ যে পাৰ্টিত মোৰ সেৱাৰ আৰু প্ৰয়োজন নাই। দলৰ সকলো কৰ্মকৰ্তাক আগলৈ ভাল সময় কামনা কৰিলোঁ, ভগৱানে সকলোকে আশীৰ্বাদ কৰক।” তেওঁ পত্ৰখনত এইদৰে কয়।