ছিকিমত ভয়ংকৰ ভূমিস্খলনত ২ সন্তানসহ নিহত মহিলা

203

ছিকিমৰ গেংটকৰ ৰংঙাই ডোকান দাৰা দেচিলিঙত ভূমিস্খলনত নিহত এগৰাকী মহিলা আৰু তেওঁৰ দুটা সন্তান।

মঙলবাৰে বিষয়াসকলে জনোৱা মতে, যোৱা নিশা ১.৪৫ বজাত সংঘটিত হৈছে এই ঘটনা।

চানবাৰী গেংটকৰ ৰঙাইত সংঘটিত ভূমিস্খলনত নিহত মহিলাগৰাকী ২৭ বছৰীয়া ডোমা শ্বেৰপা, তেওঁৰ ৮ বছৰীয়া পুত্ৰ আৰু এটি ৭ মহীয়া কেঁচুৱা।

ডোমা শ্বেৰপাৰ স্বামীক এই শোকাৱহ কাণ্ডৰ বিষয়ে অৱগত কৰা হৈছে। তেওঁ শিলিগুৰিত আছে আৰু অতি সোনকালে ঘূৰি আহিব।

ছিকিম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মতে, তেওঁলোকে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাত সহায় কৰি আহিছে।