চি আৰ পি এফৰ উদ্যোগত ৰাণীত যাত্ৰীৰ জিৰণি উদ্ধোধন, ক্ৰিকেট খেলৰ সামগ্ৰী বিতৰণ আৰু খণ্ড উন্নয়ন বিষয়াক সম্বৰ্ধনা

95

গুৱাহাটী: কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৰাণী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ সুবিধাৰ বাবে যাত্ৰীৰ জিৰণি চৰাটো আজি উদ্ধোধন কৰে । তেনেদৰে ৰাণী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত বৃহত্তৰ ৰাণী অঞ্চলৰ তিনিটা অগ্ৰণী ক্ৰীড়া সংগঠন ক্ৰমে ৰাণী কছিং চেণ্টাৰ , জয়ন্তীপুৰ ক্ৰিকেট ক্লাব আৰু আল্লীবাৰী নৱজ্যোতি সংঘক বেট , পেড , বল , ষ্টাম্প , নেটকে ধৰি ক্ৰিকেট খেলৰ সামগ্ৰী বিতৰণ কৰা হয় । যাত্ৰীৰ জিৰণি চৰা উদ্ধোধন আৰু ক্ৰিকেট খেলৰ সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মা আৰু ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্ৰ কুমাৰ হাজৰিকাই । এই উপলক্ষে চি আৰ পি এফ ৰ চেকেণ্ড ইন কমাণ্ড কে এল ধীমানে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ৰাণীৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্ৰ কুমাৰ হাজৰিকাই ভাষণ প্ৰসংগত লকডাউনকে ধৰি বিগত সময়চোৱাত ১৭৫ চি আৰ পি এফে বৃহত্তৰ ৰাণীকে ধৰি কাষৰীয়া অঞ্চলত দুখীয়া অভাবি লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা , শিক্ষা মূলক আৰু স্বনিয়োজন কাৰ্যত ৰাইজক সহায়ৰ হাত আগবঢ়োৱা , ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে খেলা – ধূলাৰ সামগ্ৰী বিতৰণ কৰা আদি কাৰ্যৰ শলাগ লয় । তেনেদৰে কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই ভাষণত বাহিনীটোৱে ৰাইজৰ কল্যাণৰ বাবে কৰা জনহিতকৰ কামৰ এক চমু খতিয়ান দাঙি ধৰে । অনুষ্ঠানত ১৭৫ চি আৰ পি এফৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ , সহকাৰী কমাণ্ডেণ্টত্ৰয় ৰবি কুমাৰ মিশ্ৰ , প্ৰমোদ কুমাৰ আৰু আদৰ্শ সিঙকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে অনুষ্ঠানত বিগত সময়চোৱাত ৰাণী উন্নয়ন খণ্ড এলেকাত নিষ্ঠা সহকাৰে উন্নয়ন মূলক আঁচনি ৰূপায়ণ আৰু সকলো ক্ষেত্ৰতে চি আৰ পি এফক সহায়ৰ হাত আগবঢ়াই অহা বাবে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ ফালৰ পৰা ৰাণীৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্ৰ কুমাৰ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় ।