গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ সম্বৰ্দ্ধনা

397

যোৰহাটৰ অনামিকা বৰাই সদ্য সমাপ্ত মিছ নৰ্থ ইষ্ট ২০২৩ ত ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰাৰ বিপৰীতে গুৱাহাটীৰ ৰিয়া বৰাই মিছ ফ্ল’লেছ স্কীন বঁটাৰ ছাৱ টাইটেল অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বুধবাৰে দুয়োগৰাকীকে গুৱাহাটী প্ৰেছ ক্লাবত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷ সন্মানজনক মিছ নৰ্থ ইষ্ট সৌন্দৰ্য প্ৰতিযোগিতাখন মিছ ছিকিম অৰ্গেনাইজেচনৰ উদ্যোগত ছিকিমৰ সৌন্দৰ্য্যশালী ৰাজধানী গেন্টকত ৫ নৱেম্বৰত অনুষ্ঠিত
হৈছিল৷ প্ৰতিযোগিতাখনত অনামিকাই সুন্দৰ প্ৰদৰ্শনেৰে বিচাৰকৰ লগতে দৰ্শকৰ হৃদয় জয় কৰে৷ সৌন্দৰ্য্য প্ৰতিযোগিতাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে প্ৰতিযোগিতাখনৰ গাম্ভীৰ্য অধিক বৃদ্ধি কৰে৷ উল্লেখ্য যে এই বছৰৰ আৰম্ভণিতে মিছ আছাম অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত সন্মানজনক মিছ আছাম ২০২৩ত অনামিকাই খিতাপ অৰ্জন কৰিছিল৷ এই প্ৰতিযোগিতাখন “অল আছাম য়ুথ এমপাৱাৰিং এছ’চিয়েছন(এএৱাইইএ)ৰ সহযোগত আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক শ্যামাংগ প্ৰতীম কাশ্যপৰ নেতৃত্বত অনুষ্ঠিত হৈছিল৷ সঞ্চালক কাশ্যপৰ নেতৃত্বত এ,এ,ৱাই,ই,এ নামৰ সংগঠনটোৱে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰতিভা বিকাশৰ লগতে সংস্কৃতিৰ সম্প্ৰচাৰণত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইপিনে প্ৰতিযোগিতাখনত একেৰাহে দুবাৰ প্ৰথম ৰাণাৰ্ছ আপৰ সন্মান অৰ্জন কৰি অসমে ইতিহাস ৰচনা কৰিছে৷ এই খিতাপ অৰ্জন কৰি অনামিকা বৰাই এক লাখ ৭০ হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰিছে৷ এই প্ৰতিযোগিতাখনতে মিছ অসম ২০২৩ৰ ৰাণাৰ্ছআপ গুৱাহাটীৰ ৰিয়া বৰাই মিছ ফ্ল’লেছ স্কীন বঁটাৰ ছাব টাইটেল দখল কৰি বঁটাৰ লগতে এক লাখ টকাৰ প্ৰাইজমানি লাভ কৰে।