অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত গুৱাহাটী আৰক্ষীয়ে বশিষ্ঠত অভিযান চলাই এখন ট্ৰাকৰ পৰা দুই কিলোগ্ৰাম আৰু ৪২ গ্ৰাম হেৰোইন জব্দ কৰে। আৰক্ষীয়ে ট্ৰাকখনো জব্দ কৰে।
এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, “ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যুঁজ আৰু ইয়াৰ সৈতে লেনদেন কৰা সকলৰ বিৰুদ্ধে অবিৰতভাৱে অব্যাহত থাকিব।”
এই বিষয়ত অধিক অনুসন্ধান চলি আছে।
