কোভিডৰ ভয়াবহ ৰূপঃ পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ পাঠদান

126

কোভিডৰ পুনৰ সংক্ৰমণে আতংকিত কৰিছে সকলোকে। এই ভয়াবহ মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহেও যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। নাগালেণ্ড চৰকাৰে কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। নাগালেণ্ডৰ মুখ্য সচিব জে আলমে এক নিৰ্দেশনা জাৰি কৰি লগতে কয় যে কোভিড বিধি মানি নৱম আৰু দশম শ্ৰেণীৰ পাঠদান চলাই থকা হব।