কামৰ চাপৰ বাবে জ্যেষ্ঠ সহকৰ্মীক হত্যাৰ বাবে গুণ্ডাবাহিনী নিয়োগ। বেংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা । এটা গাখীৰ কোম্পানীৰ অডিটৰ সুৰেশক হত্যাৰ বাবে সহকৰ্মীয়ে নিয়োগ কৰিছিল গুণ্ডাবাহিনী। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল আক্ৰমণকাৰী দলটোৱে ৰাজপথত লোহাৰ ৰডেৰে সুৰেশক প্ৰহাৰ কৰা দৃশ্য। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলক হেঁচা প্ৰয়োগ কৰিছিল সুৰেশে। কোম্পানীটোৰ মুৰব্বীৰ আগত সহকৰ্মীসকলক টানিও নিছিল সুৰেশে। ঘটনা সন্দৰ্ভত ৫জনীয়া এটা দলক গ্ৰেপ্তাৰ আৰক্ষীৰ। অভিযুক্তসকলক ভিতৰত চিনাক্ত কৰা হৈছে উমাশংকৰ, বিনেশ, সন্দীপ আৰু আন দুজনক।