এতিয়া ১৯৬২ চন নহয়, চীনক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনাঃ ভাৰত-চীনৰ সংঘৰ্ষৰ পিছতে মন্তব্য অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ…

84

নতুন দিল্লীঃ মঙলবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে এতিয়া আৰু ১৯৬২ চন নহয়, কোনোবাই ভাৰত দখল কৰিবলৈ চেষ্টা কৰিলে ভাৰতীয় সেনাই তাৰ উচিত প্ৰত্যুত্তৰ দিব।

অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত ভাৰত-চীনৰ জোৱানৰ সংঘৰ্ষৰ মাত্ৰ কেইদিনমান পিছতে তেওঁ এই মন্তব্য কৰে।

খাণ্ডুৱে টুইটযোগে কয় যে, “য়াংচে মোৰ বিধানসভা সমষ্টিৰ অধীনত আছে আৰু প্ৰতি বছৰে মই অঞ্চলটোৰ জোৱান আৰু গাঁৱৰ মানুহক লগ পাওঁ। এতিয়া ১৯৬২ চন নহয়। যদি কোনোবাই অতিক্ৰম কৰিবলৈ চেষ্টা কৰে তেন্তে আমাৰ সাহসী সৈনিকসকলে উপযুক্ত উত্তৰ দিব।”

ইয়াৰ পূৰ্বে আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে পিএলএৰ সৈন্যই টাৱাং ছেক্টৰৰ ইয়াংচে অঞ্চলত এলএচি উলংঘা কৰি একপক্ষীয়ভাৱে যথাৰ্থ অৱস্থা সলনি কৰিবলৈ চেষ্টা কৰিছিল। চীনৰ এই প্ৰচেষ্টাক আমাৰ সৈন্যই দৃঢ়তাৰে বাধা প্ৰদান কৰিবলৈ সক্ষম হয়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “তাৰ পিছত হোৱা মুখামুখিৰ ফলত শাৰীৰিক কাজিয়াৰ সৃষ্টি হয়, য’ত ভাৰতীয় সেনাই সাহসেৰে পিএলএক আমাৰ ভূখণ্ডত অতিক্ৰম কৰাত বাধা দি তেওঁলোকক নিজৰ পদলৈ ঘূৰি আহিবলৈ বাধ্য কৰালে। এই সংঘৰ্ষৰ ফলত দুয়োপক্ষৰ দুই এজন জোৱান আঘাতপ্ৰাপ্ত হয়।”

“ভাৰতীয় সামৰিক সেনাধ্যক্ষৰ সময়মতে হস্তক্ষেপৰ বাবে পিএলএৰ জোৱানসকল পুনৰ নিজৰ স্থানলৈ গ’ল। ঘটনাৰ অনুসৰণ হিচাপে অঞ্চলটোৰ স্থানীয় কমাণ্ডাৰে ২০২২ চনৰ ১১ ডিচেম্বৰত তেওঁৰ সমকক্ষৰ সৈতে পতাকা বৈঠক অনুষ্ঠিত কৰি সেই অনুসৰি বিষয়টো আলোচনা কৰে।” তেওঁ লগতে কয়।

ৰাজনাথ সিঙে কয় যে চীন পক্ষক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আৰু সীমান্তত শান্তি বজাই ৰাখিবলৈ কোৱা হৈছিল।কূটনৈতিক মাধ্যমেৰেও চীন পক্ষৰ সৈতে এই বিষয়টো লোৱা হৈছে।

যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ মাজত মুখামুখি হৈছিল। সংঘৰ্ষৰ খবৰ আহিছিল আৰু এতিয়া নিশ্চিত হৈছে যে চীনৰ জোৱানৰ সংখ্যা প্ৰায় ২০০ জন আছিল।

আনহাতে ১৫ জন ভাৰতীয় জোৱান আহত হোৱাৰ বিপৰীতে অধিক চীনা জোৱান আহত হয়।