এতিয়া ঘৰত বহিয়েই নৱীকৰণ কৰিব পাৰিব আপোনাৰ ড্ৰাইভিং লাইচেন্স; সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

9196

গুৱাহাটীঃ সাধাৰণ লোকক সকাহ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ লগতে ডুপ্লিকেট লাইচেঞ্চ সেৱা মুকলি কৰে।

এই সেৱাৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ই নৱীকৰণ কৰা ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন হোৱা লোকসকলৰ সময় আৰু শক্তি ৰাহি কৰিব। ইয়াৰ পূৰ্বে, অসম চৰকাৰে এটা অনলাইন লাৰ্নাৰ ড্ৰাইভিং লাইচেঞ্চ পৰ্টেল মুকলি কৰিছিল। যাৰ ফলত এক লাখৰো অধিক লোকে লাৰ্নাৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিবলৈ সক্ষম হৈছিল ঘৰত বহিয়েই। মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ পৰা ইমান বৃহৎ ইতিবাচক সঁহাৰি পোৱাৰ পিছত চৰকাৰে এই অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ আৰু ডুপ্লিকেট লাইচেঞ্চ জাৰী কৰা সেৱা সমূহ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

“যিসকল লোকে তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণ বিচাৰে, তেওঁলোক জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে তেওঁলোকৰ ঘৰত বহি থাকিয়েই আবেদন কৰিব পাৰিব। এই সেৱাসমূহে তেওঁলোকৰ সময়, শক্তি আৰু ধন ৰাহি কৰিব,” মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জনসাধাৰণে তেওঁলোকৰ গৃহ জিলাৰ বাহিৰে আন এখন জিলাতো তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণৰ বাবে আবেদন কৰিব পাৰে।