আলফা (স্বা)ৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ যুৱক

117

সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ অসমৰ আন এজন যুৱক। জানিব পৰা মতে, ওদালগুৰি জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰমোদ কলিতা নামৰ যুৱকজনক।

ধৃত প্ৰমোদ কলিতা নামৰ যুৱকজন টংলা মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আৰু জিলাখনৰ কলাইগাঁৱৰ বৰঙাবাৰী গাঁৱৰ বাসিন্দা।

যুৱকজনে ফেচবুকত নিষিদ্ধ সংগঠনটোক সমৰ্থন কৰি এটা মন্তব্য কৰি কয় যে তেওঁ “আলফা স্বাধীনৰ বাবে নিজৰ জীৱন দিবলৈ সাজু”।

যুৱকজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইন ইউএপিএৰ ধাৰা ১২০(বি)/১২১ /১২১(এ) আৰডব্লিউ ধাৰা ৩৯ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ এগৰাকী বিষয়াই কয়, ‘যুৱকজনে ছ’চিয়েল মিডিয়াত নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠনটোক সমৰ্থন কৰিছিল আৰু সেই অনুসৰি আমি তেওঁক আটক কৰি দেওবাৰে ওদালগুৰিৰ স্থানীয় আদালতত হাজিৰ কৰিছো।’