আমাক ঋণমুক্ত কৰকঃ মাইক্ৰ’ ফাইনেন্সৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ

106

লকডাউনৰ পিছত এতিয়াও ঠন ধৰি উঠিবলৈ সক্ষম হোৱা নাই অৰ্থনীতি। বহুতেই নিজৰ কৰ্মক্ষেত্ৰলৈ উভতিছে যদিও এতিয়াও তেওঁলোকে নিজৰ আৰ্থিক স্থিতি গঢ়ি তুলিব পৰা নাই। কিন্তু তেনে পৰিস্থিতিতো বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলক ঋণ প্ৰদান কৰা মাইক্ৰ’ ফাইনেন্স কোম্পানীসমূহে কিস্তি আদায়ৰ নামত অতপালি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে মাইক্ৰ’ ফাইনেন্সৰ অতপালিৰ বিৰুদ্ধেই মঙলবাৰে এখন প্ৰতিবাদী সভা ৰূপায়ণ কৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৱৰ্তী শিমলুগুৰিৰ ধেমাগড়ৰ কেইবাশতাধিক মহিলাই।

ইপিনে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কিস্তি আদায়ৰ নামত হাৰাশাস্তি কৰা মাইক্ৰ’ ফাইনেন্সৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৰা মন্তব্যক কেৱল মাত্ৰ নিৰ্বাচনী প্ৰলোভন আখ্যা দিয়ে প্ৰতিবাদী মহিলাসকলে। কেইবা শতাধিক মহিলা আৰু স্থানীয় বিশিষ্ট ব্যক্তিৰ লগতে দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা এই প্ৰতিবাদী সভাত মহিলাসকলে মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক মুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।