অৰুণাচল প্ৰদেশত NSCN-KYAৰ ২ কেডাৰত আটক, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ…

279

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ মহকুমাত শনিবাৰে আছাম ৰাইফলছে নাগালিমৰ সক্ৰিয় নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম (এন এছ চি এন-কে ৱাই এ) কেডাৰৰ লগতে এজন লিংক মেনক আটক কৰে।

নিষিদ্ধ সংগঠনৰ সক্ৰিয় কেডাৰৰ উপস্থিতিৰ বিষয়ে লাভ কৰা গোপন খবৰৰ ভিত্তিত জিলাখনৰ জয়ৰামপুৰ মহকুমাত আছাম ৰাইফলছৰ সেনাই অভিযান চলায়। তালাচী অভিযানৰ পিছতে এজন কেডাৰ আৰু এজন লিংক মেনক আটক কৰা হয়।

কেডাৰকেইজনৰ নাম নয়ন কুমাৰ চাকমা আৰু গংৱাং ৱাংগলী বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি, জেৰাৰ সময়ত কেডাৰ কেইজনে পুৰণি লংচং গাঁৱৰ হাতী শিবিৰত লুকুৱাই ৰখা এন এছ চি এন-কে ৱাই এৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰাল উন্মোচন কৰে।

আৰক্ষীৰ সৈতে অসম ৰাইফলছে প্ৰদান কৰা চোৰাংচোৱাৰ ভিত্তিত তালাচী অভিযান আৰম্ভ কৰে, আৰু হাতী শিবিৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰাত সফল হয়। ইফালে এটা চীনা এ কে, ২ – মেগাজিন, এ কে ৰাউণ্ড- ৪৯০, এটা পিষ্টল, ৱাকি-টকি, আৰু তাঁৰ উদ্ধাৰ কৰে।

অৱশ্যে দুয়োজন কেডাৰকে অধিক তদন্তৰ বাবে থানাত গতাই দিয়ে।