অহা ১০-১৫ দিনৰ ভিতৰত ৰাজ্যত দূৰ হ’ব বিদ্যুতৰ নাটনিৰ সমস্যাঃ নন্দিতা গাৰ্লোছা

346

অহা ১০-১৫ দিনৰ ভিতৰত ৰাজ্যত দূৰ হ’ব বিদ্যুতৰ নাটনিৰ সমস্যা। -এই আশ্বাস শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ।

উৎকট গৰমৰ মাজতে বিদ্যুতৰ লুকাভাকুত অতীষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। দিনটোৰ ২৪ ঘণ্টাত ২৪ বাৰেই বিদ্যুত কৰ্তনৰ ফলত তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ নাগৰিক।

যাৰ ফলত বিদ্যুত কৰ্তনৰ সমস্যা দূৰ কৰিবলৈ সাধাৰণ ৰাইজে বাৰাম্বাৰ দাবী জনাই আহিছিল শক্তি বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষক।

ইয়াৰ পিছতে দেওবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই কয় যে বিদ্যুতৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে আৰু অহা ১০-১৫ দিনৰ ভিতৰত এই সমস্যা দূৰ কৰা হ’ব।

অৱশ্যে শক্তিমন্ত্ৰীগৰাকীৰ এই আশ্বাস কিমান দূৰ বাস্তৱায়িত হয় সেয়া সময়তহে পৰিলক্ষিত হব।