উত্তৰাখণ্ডৰ বিত্তমন্ত্ৰী প্ৰেম চান্দ আগৰৱালাৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষীৰ।
ৰাজপথত এজন লোকক প্ৰহাৰ কৰাৰ অভিযোগৰ পিছতে এজাহাৰ দাখিল বিত্তমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।
উল্লেখ্য যে, বিত্তমন্ত্ৰী প্ৰেম চান্দ আগৰৱালাই ঋষিকেশৰ এটা ব্যস্ত পথত প্ৰহাৰ কৰিছিল সুৰেন্দ্ৰ সিং নেগী নামৰ এজন ব্যক্তিক।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ লোকে।
