শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

166

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ ৰাইজক “শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই ৯ এপ্ৰিলত আদায় কৰাৰ অনুৰোধ কমিটিয়ে এক বিবৃতি যোগে কামনা কৰিছে।