বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাত ৰাইজে পাতিলে ভেকুলীৰ বিয়া

303

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাত ৰাইজে পাতিলে ভেকুলীৰ বিয়া

আয়তিৰ উৰুলিৰে উদুলি মুদুলি বিয়া ঘৰৰ পদুলি ৷ দৰা ঘৰীয়া সাজু হৈছে ন কইনাক আদৰিবলৈ ৷ ইফালে কইনা ঘৰীয়াৰ গাত নাই তত ৷ আইহঁতৰ মুখত বিয়া নাম ৷ কোনোৱে যদি পানী তুলিবলৈ গৈছে, আনফালে আকৌ পৰম্পৰাগত ৰীতি-নীতিৰে দৰা-কইনাক গা ধুৱাবলৈ সাজু হৈছে আনসকল মহিলা ৷

বৰষুণৰ অভাৱত এতিয়া কৃষক ৰাইজে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । বৰষুণ নোহোৱাৰ ফলতে আহাৰৰ বতৰতো পথাৰত মেলিছে ছিৰাল ফাঁট । বৰষুণৰ অভাৱত পথাৰত চন পৰি ৰৈছে বহু হাজাৰ কৃষিভূমি । যাৰ ফলত এই ভৰ আহাৰৰ সময়ত কৃষকসকলে পথাৰত ব্যস্ত হোৱাৰ পৰিৱৰ্তে ছিৰাল ফাঁট মেলা পথাৰলৈ চাই মূৰে কপালে হাত দিবলগীয়া হৈছে ।

আনকি হাল বাব নোৱাৰাৰ বাবে পাৰি থোৱা কঠিয়া কেইডালো নষ্ট হৈ পৰাত উপায়ন্তৰ কৃষকে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ পাতিলে ভেকুলীৰ বিয়া ৷ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাৰ সোনতলি গাঁৱৰ ৰাইজে সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি, পৰম্পৰা ৰক্ষা কৰি পাতিছে ভেকুলীৰ বিয়া ৷ লোকবিশ্বাস অনুসৰি ভেকুলী বিয়া পাতিলে ধৰিত্ৰীৰ বুকুলৈ বৰষুণ নামে ৷লোকবিশ্বাস অনুসৰিয়ে কৃষক ৰাইজে পালন কৰি আহিছে ভেকুলী বিয়া ৷ সোনতলি গাঁৱৰ মহিলাসকলে ঢোলে-দগৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ভেকুলীৰ বিয়া । উল্লেখ্য যে, অনাবৃষ্টিৰ সময়ত মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে । তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলীৰ বিয়া অন্যতম ।

অসমীয়া বিবাহ উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণৰ বাবে প্ৰাৰ্থনা কৰে ৷ ভেকুলীৰ বিয়া পাতিবলৈ জ্যোতিষীৰ দ্বাৰা নিদিৰ্ষ্ট দিন ধাৰ্য কৰা দেখা যায় । বিয়ালৈ ২/৩ দিন থাকোতে দুটা খহুৱা ভেকুলী ধৰি এজনী কইনা আৰু এটাক দৰা পাতি বিয়াৰ আয়োজন কৰা হয় ৷ নিদিৰ্ষ্ট কৰি থোৱা দিনটোত যথা নিয়মেৰে পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ পেঁপা, ঢোল, তাল আদি বজাই গাঁও ফুৰায় । শেষত ভেকুলী কেইটা নদী বা পুখুৰীৰ পানীত এৰি দিয়ে।