বিদ্যালয়ত শিক্ষকে ধমক দিয়াৰ বাবেই বিষ মহিলাই খালে চাওমিন! দুই কিশোৰীৰ মৃত্যু

432

বান্ধৱীৰ সৈতে বিষাক্ত চাওমিন খাই অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হৈ থকা দুগৰাকী কিশোৰীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে বাক্সা জিলাত।

জানিব পৰা মতে, যোৱা ৮ ডিচেম্বৰত বিষাক্ত চাওমিন খোৱাৰ ফলত অসুস্থ হৈ পৰিছিল তিনি কিশোৰী। ইয়াৰ পিছত তিনিওকে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছিল এগৰাকী কিশোৰীৰ। আনহাতে আজিও আন এগৰাকী কিশোৰীৰ মৃত্যু ঘটে।

বাতৰি অনুসৰি, ৮ ডিচেম্বৰৰ সন্ধিয়া তিনিগৰাকী কিশোৰীয়ে টিউচন চেণ্টাৰৰ ব্লেকবৰ্ডত আপত্তিজনক বিষয়বস্তু লিখি নিজৰ ঘৰলৈ গৈছিল। পিছদিনা তেওঁলোকৰ সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে এই আপত্তিজনক লিখনীৰ বিষয়ে শিক্ষকৰ আগত নাম সহকাৰে প্ৰকাশ কৰাত শিক্ষকে তিনিওকে কিছু দাবী-ধমকি দি তেনে ভুল দুনাই নকৰিবলৈ সকীয়াই দিছিল।

নিজৰ ভুল মানি লোৱাৰ পিছত তিনিওগৰাকী কিশোৰীয়ে ওচৰৰ ফাষ্ট ফুডৰ ষ্টল এখনলৈ গৈ নিজৰ চাওমিনত বিষ মিহলাই খোৱাৰ অভিযোগ উত্থাপন হৈছে। সেৱনৰ পিছতে তিনিওগৰাকী অসুস্থ হৈ পৰাত তাৎক্ষণিক চিকিৎসাৰ বাবে গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে ১৪ ডিচেম্বৰত চিকিৎসাধীন অৱস্থাত এগৰাকী কিশোৰীয়ে বিষক্ৰিয়াত মৃত্যুক সাৱটি লয়, আনহাতে আজি পুৱা আন এগৰাকী কিশোৰীৰ মৃত্যু হয়।

বিষয়টোক লৈ বিদ্যালয় কৰ্তৃপক্ষই শোক প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ মানসিক চাপ দিয়া হোৱা নাই বুলি দৃঢ়তাৰে কয়।