পি এইচ চি পিৰ আন এক সফলতা : মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১৮ নল গাহৰি মুকলি

298

নল গাহৰি সংৰক্ষণ কাৰ্যসূচী (পি এইচ চি পি)ৰ অংশহিচাপে আবদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ১৮ টা নল গাহৰি শনিবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মোকলাই দিয়া হয়।
২০২০, ২০২১ আৰু ২০২২ চনৰ সফলতাৰ পাছত পি এইচ চি পিয়ে এইবাৰ চতুৰ্থবাৰৰ বাবে মানস উদ্যানত নল গাহৰি মোকলাই দিয়া ১৮ টাকে ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত অতি বিপদাপন্ন প্ৰজাতিৰ প্ৰাণী বিধৰ সংখ্যা ৫৪ টালৈ বৃদ্ধি পালে। ইয়াৰ লগে লগে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ২০২৫ চনৰ ভিতৰত নল গাহৰিৰ সংখ্যা ৬০টালৈ বৃদ্ধিৰ লক্ষ্য পূৰণৰ পথত পি এইচ চি পি আৰু এখোজ আগবাঢ়িল।

অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক ডেলিভাৰী অংশীদাৰ হিচাপে থকা পি এইচ চি পিৰ জৰিয়তে ১৯৭০ চনত বিলুপ্ত বুলি ভবা বহুমূলীয়া প্ৰজাতিটোক পুনৰুদ্ধাৰৰ হকে কাম কৰি অহা হৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১৯৯৬ চনত নল গাহৰি সংৰক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল।

পি এইচ চি পিৰ অধীনত আবদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ১৭০টা নল গাহৰি এতিয়ালৈকে অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানত সফলতাৰে মুকলি কৰি দিয়া হৈছে। ২০১১ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানত ৫৯টা নল গাহৰি মুকলি কৰি দিয়া হৈছিল আৰু বৰ্তমান ইয়াৰ সংখ্যা ১৩০টালৈ বৃদ্ধি হোৱা বুলি অনুমান কৰা হৈছে।

পি এইচ চি পিৰ প্ৰকল্প সঞ্চালক ড০ পৰাগ জ্যোতি ডেকাই কয় যে, “ অসমৰ আমাৰ অংশীদাৰ আৰণ্যক আৰু বন বিভাগৰ সহযোগত আমি নল গাহৰিৰ সংখ্যা বৃদ্ধিৰ ধৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছো ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীয়ে কয় যে নল গাহৰিৰ মুকলিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনিৰ পুনৰুদ্ধাৰ আৰু ইয়াৰ গৰিমা ঘূৰাই অনাত সহায় কৰিব।