অসম চৰকাৰৰ দ্বাৰা ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে নলবাৰী জিলাৰ মুকালমুৱাৰ পৰা আৰক্ষীয়ে তিনিজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ পৰা ২৪.৬৪ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ কৰাৰ পিছতে তিনিওকে আটক কৰে। ধৃত লোক কেইজনক ক্ৰমে- আব্বাছ আলী, বাদিৰ আলী আৰু ফৰিদুল আলী বুলি চিনাক্ত কৰা হৈছে।
ইফালে, আৰক্ষীয়ে তেওঁলোকৰ ওচৰৰ পৰা এখন বাহনও জব্দ কৰিছে। মাৰুতি চুইফ্ট ডিজিয়েৰ নামৰ বাহনখনত পঞ্জীয়ন নম্বৰ আছিল এএছ 01 জেচি 4238।
