ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত,নিজ জাগীয়াল প্ৰাথমিক শাখাৰ আতিথ্যত আৰু নিকটৱৰ্তী প্ৰাথমিক শাখাৰ সহযোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিজ জাগীয়াল বুঢ়া নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰত ৫৩৪ সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আৰম্ভ হৈছে।
কাৰ্যসূচী অনুসৰি আজি পুৱা প্ৰাতঃ প্ৰসংগ,পৰিবেশ নিকাকৰণ,নাম প্ৰসংগৰ পাছতে শিশুৰ বাবে সাহিত্য আৰু কৃষ্টি প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ চিত্ৰাংকন,নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুটা শাখাত অনুষ্ঠিত “মাধৱদেৱৰ গুৰুসেৱা” বিষয়বস্তু শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ “ক” শাখাত নিষ্ঠা ৰাজকুমাৰী (সৰ্বানন্দ প্ৰাথমিক শাখা)য়ে প্ৰথম, ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জুৰিমণি শইকীয়াই দ্বিতীয় আৰু ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ জীমণি বৰা আৰু দেৱাশীষ বৰাই যুটীয়াভাৱে তৃতীয় স্থানৰ বিপৰীতে “খ” শাখাত শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ধৃতিমা ৰাজকুমাৰী (সৰ্বানন্দ প্ৰাথমিক শাখা)য়ে প্ৰথম আৰু আৰ্য জাতীয় বিদ্যালয়ৰ বনশ্ৰী বৰা (মুক্তিয়াৰ আতা প্ৰাথমিক)ই দ্বিতীয় স্থান অধিকাৰ কৰে।
কুইজ প্ৰতিযোগিতাত এছ কে বি এল নেহৰু মধ্য ইংৰাজী বিদ্যালয়ৰ সুভাষ ডেকাৰজা, ৰূপান্তৰ ডেকাৰজা আৰু ৰিতুৰাজ ডেকা(শংকৰদেৱ দল)ই প্ৰথম, শিল্পীশিখা বৰা, জ্যোতিষ্মিতা বৰা আৰু ধন্যাশ্ৰী ডেকা (মাধৱদেৱ দল)ই দ্বিতীয় আৰু ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ কস্তুৰী বৰা, মৃগাংক হাজৰিকা আৰু তন্ময় দাসে(নৰহৰি দল) তৃতীয় স্থান অধিকাৰ কৰে ।
ইপিনে “এজন বায়ন আৰু এজন গায়ন” শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাত এছ কে বি এল নেহেৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ৰিতুৰাজ শইকীয়াই প্ৰথম,ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰে দেৱাশীষ বৰাই দ্বিতীয় আৰু ৰাতুল পাটৰে তৃতীয় স্থান অধিকাৰ কৰে । পুৰুষোত্তম আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ৰাজেন শইকীয়াই উদ্বোধন কৰা সাহিত্য প্ৰতিযোগিতাখনিত সঞ্চালকৰূপে উপস্থিত থাকে বুঢ়াগোঁহাই নামঘৰ নিৰ্মাণ সমিতিৰ সভাপতি ৰূপধৰ বৰা।
ইয়াৰ পাছতে ঘোষা পাঠ,শিশুৰ বাবে প্ৰাৰ্থনা,যুৱক-যুৱতী আৰু আইমাতৃৰ বাবে শৰণ, ভজন,দুলড়ী আৰু লেচাৰীৰ লগতে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । উল্লেখ্য যে বৃহত্তৰ জাগীয়াল অঞ্চলটিত এক ধৰ্মীয় তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় বৃহত্তৰ জাগীয়াল অঞ্চলটিত । সন্ধ্যা অনিল চন্দ্ৰ বৰাৰ বন্তি প্ৰজ্বলনৰ অন্তত আৰু ভাগৱত পাঠ কৰা হয় । বোলেশ্বৰ হাজৰিকাই পাঠচাৰ্যৰূপে উপস্থিত থকা ভাগৱত পাঠত ঘন ডেকা,ৰমেশ বৰা আৰু দিলীপ দাসে ব্যাখ্যাকাৰকৰূপে উপস্থিত থাকে ।
২৯মে’ ত পুৱা প্ৰাতঃ প্ৰসংগ, পৰিবেশ নিকাকৰণৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰিব পুৰুষোত্তম আঞ্চলিক শাখাৰ সভাপতি যোগেন চন্দ্ৰ বৰাই। ইয়াৰ পাছতে যোগেন চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনী সভাখনিত মুখ্য অতিথিৰূপে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বৃন্দাবন বৰা আৰু নিৰ্দিষ্ট বক্তাৰূপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা উপস্থিত থাকিব। সভাত সংঘৰ কেইবাগৰাকী জিলা পৰ্যায়ৰ বিষয়ববীয়াইও অংশগ্ৰহণ কৰিব। সন্ধিয়া ধৰ্মধ্বজা অৱতৰণ আৰু বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি মৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।