ডিব্ৰুগড়ত কোৰোনাৰ ভয়াবহ সংক্ৰমণ, ৫১ জন কয়দীৰ দেহতো কোভিড পজিটিভ

71

ডিব্ৰুগড় জিলাত অব্যাহত আছে কোৰোনাৰ ভয়াবহ গণ সংক্ৰমণ। বুধবাৰৰ দিনটোত জিলাখনত পুনৰ ৩৭৫ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে ডিব্ৰুগড়ত মুঠ কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা ৮৮৪৫ জনলৈ বৃদ্ধি পাইছে। ইফালে যোৱা ২৪ ঘণ্টাত জিলাখনত ১০ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে।

খবৰ অনুসৰি, ডিব্ৰুগড়ৰ জিলা কাৰাগাৰত ভিতৰতো আতংকৰ সৃষ্টি কৰিছে কোৰোনাই। কাৰাগাৰৰ ৫২ জন কয়দীৰ দেহত ইতিমধ্যে এই মহামাৰীৰ উপস্থিতি ধৰা পৰিছে। সংক্ৰমিত কয়দী কেইজনক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। জিলা প্ৰশাসনে সদৰী কৰা মতে, ডিব্ৰুগড়ত বৰ্মান ৪৪৪১ জন সক্ৰিয় কোভিড ৰোগীৰ চিকিৎসা চলি আছে।