অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ অখিল গগৈ…

99

অৱশেষত অৱসান ঘটাৰ দিশে ডেৰ বছৰীয়া কাৰাবন্দ্বীত্বৰ। চাবুৱা থানা গোচৰত NIA এ আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতে এইবাৰ অখিল গগৈক NIA আদালতে দোষমুক্ত ঘোষণা কৰিলে চানমাৰি থানা গোচৰতো। প্ৰায় ডেৰ বছৰ ধৰি কাৰাগাৰাৰ কুঠৰীত আৱদ্ধ হৈ থকাৰ পিছত NIAৰ সকলো গোচৰৰ পৰা দোষমুক্ত হৈছে অখিল গগৈ। এতিয়া মাথো মুক্তিৰ অপেক্ষা। বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে অখিল গগৈৰ।

আজি NIA আদালতে চানমাৰি থানাৰ গোচৰত অখিল গগৈৰ লগতে ধৈৰ্য্য কোৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো দোষমুক্ত বুলি ৰায় প্ৰদান কৰে। অখিল গগৈক আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতে আনন্দিত হৈ পৰিছে তেওঁৰ পত্নী গীতাশ্ৰী তামুলীৰ লগতে তেওঁৰ গুণমুগ্ধসকল।

উল্লেখ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ ভিতৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল অখিল গগৈয়ে। নিৰ্বাচনত বিশাল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ।