ৰেলীত অংশ লবলৈ আহি তেলৰ কুপন লাভ নকৰি ক্ষোভ সমৰ্থকৰ

68

ৰেলীত অংশ লবলৈ আহি তেলৰ কুপন লাভ নকৰি ক্ষোভ সমৰ্থকৰ। উত্তেজিত সমৰ্থকে ভাঙি চূৰমাৰ কৰিলে চাৰিচকীয়া বাহন। এই ঘটনা চেঙা বিধানসভা সমষ্টিৰ।

কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলীৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে, বৃহস্পতিবাৰে বিশাল বাইক ৰেলী কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছিল কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী। এই বাইক ৰেলীত অংশ লোৱা সমৰ্থক সকলক তেলৰ কুপন প্ৰদান কৰা হব বুলি মাতি অনা হৈছিল যদিও প্ৰদান কৰা নহল তেলৰ কুপন। যাৰ পৰিণতিত উত্তেজিত সমৰ্থকে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ। ইফালে পৰিস্থিতি দেখি পলায়ন কৰে দলীয় নেতা-কৰ্মীয়ে।