ৰেল ব্যক্তিগতকৰণ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ন’হয়-পূঁজিপতিৰ স্বাৰ্থহে লক্ষ: ভিডিঅ’ কনফাৰেন্স যোগে ৰেল মন্ত্ৰী ক সমালোচনা ৰাখাল দাসগুপ্তৰ

94

ষ্টাফৰিপৰ্টাৰ, দেশজুৰি অব্যাহত থকা লকডাউন ব্যৱস্থাৰ গইনালৈ ৰেল মন্ত্ৰণালয়ে দেশৰ জীৱন ৰেখা বুলি মান্যতা দি অহা ৰে’ল সেৱাৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পন কৰাৰ বাবে লোৱা জনবিৰোধী সিদ্ধান্তৰ এন.এফ.ৰে’লৱে মজদুৰ ইউনিয়নে তীব্ৰ বিৰোধিতা কৰি আহিছে । কেৱল ইমানেই নহয় যোৱা কেইমাহমানৰ ভিতৰতে একাধিক শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি ৰেল মন্ত্ৰণালয়ে দেশৰ যি অমংগল সাধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছেে তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচন (এ.আই.আৰ.এফ) আৰু এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে । বৃহস্পতিবাৰে ৰে’ল মন্ত্ৰী পিযুষ গোৱেলৰে হোৱা এক ভিডিঅ’ কনফাৰেন্স যোগে এ.আই.আৰ.এফৰ সভাপতি তথা এন.এফ.ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তই ৰে’লমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি কয় ‘ৰেলৱেৰ দৰে চৰকাৰী খণ্ডৰ এক বৃহৎ অনুষ্ঠান ব্যক্তিগতকৰণ কৰাৰ অৰ্থই হ’ল ৰাজহুৱা সম্পত্তিৰ জৰিয়তে ব্যক্তি বিশেষৰ কোম্পানীক প্ৰত্যক্ষভাৱে ধন ঘটাৰ পথ মুকলি কৰি দিয়া । ভাৰতীয় ৰে’ল ব্যৱস্থা আৰম্ভ হোৱাৰ ১৭৫ বছৰ হ’ল । ৰে’ল হৈছে দেশৰ কোটি কোটি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা । অতি ক’ম খৰচত যাত্ৰীসকলে ৰে’লত ভ্ৰমণ কৰিব পাৰে । ইয়াৰ পিছতো ৰেলৱেক ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিব ওলোৱা কাৰ্য এক দুৰ্ঘোৰ অন্যায় আৰু জনবিৰোধী নীতি। এই নীতি যদি প্ৰত্যাহাৰ কৰা নহয়, তেন্তে তাৰ দ্বাৰা দেশৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ
ৰাজ্য সমূহেই অধিক ক্ষতিৰ সন্মুখীন হ’ব লাগিব । ভিডিঅ’কনফাৰেন্সত দাসগুপ্তই ইউনিয়নৰ ক্ষোভ আৰু অসন্তুষ্টিৰ কথা ব্যক্ত কৰি ৰেল মন্ত্ৰীক কয় ‘ইতিমধ্যে সমগ্ৰ দেশৰ ১৫১ খন যাত্ৰীবাহী ৰে’ল ব্যক্তিগত খণ্ডক গটাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইয়াৰ দ্বাৰা দেশৰ জনসাাৰণৰ দুখ দুৰ্গতিৰ সীমা নোহোৱা হ’ব । কিয়নো ব্যক্তিগতকৰণৰ ফলত যাত্ৰী আৰু মাল বস্তু কঢ়িওৱা ভাড়া অত্যাধিক বৃদ্ধি হ’ব । তদুপৰি চৰকাৰী নিযুক্তি সম্পূৰ্ণ বন্ধ হৈ যাব আৰু ঠিকাভিত্তিক নিযুক্তিৰে ব্যক্তিগত পূজিপতিয়ে শ্ৰমিকক শোষণ কৰিব । ইতিমধ্যে নতুন নিযুক্তি খালী থকা পদৰ বিলুপ্তি কৰণেৰে ৰেলৱেই নিবনুৱা সংস্থাপনৰ বাট চিৰদিনৰ বাবে বন্ধ কৰি দিছে। গুৰুত্বপূৰ্ণ কথা যে কল্যাণকামী ৰাষ্ট্ৰ এখনত ৰে’লৱেৰ জনসাধাৰণৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাক লাভ লোকচানৰ মাপকাঠীৰে জোখাটো সমীচিন নহয়।’ তেওঁ লগতে শীঘ্ৰে ৰে’ল বিভাগক জনবিৰোধী নীতি সমূহ প্ৰত্যাহাৰ কৰিবলৈ ৰেলমন্ত্ৰীক দাবী জনায় ।