বিশ্ববিদ্যালয়ৰ নৱাগতক ৰেগিং কৰাৰ অপৰাধত নিলম্বন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২ ছাত্ৰক। বিশ্ববিদ্যালয়ৰ নিয়ম উলংঘা কৰাৰ বাবে নিলম্বিত কৰা হৈছে ছাত্ৰ দুজনক।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা এক জাননীত কোৱা হৈছে যে বিশ্ববিদ্যালয়ৰ নিয়ম উলংঘা কৰাৰ বাবে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (ডিইউআইইটি)ৰ পঞ্চম ষান্মাসিকৰ ঋতুপৰ্ণ দাস আৰু কিংকু শইকীয়াক চাৰিটা ছেমিষ্টাৰৰ বাবে নিলম্বিত কৰা হৈছে।
