ৰূপহীহাটৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ

64

ৰূপহী হাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজীক গ্ৰেপ্তাৰ।কলিয়াবৰ আৰক্ষী নিৱেশত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।কলিয়াবৰ আৰক্ষী নিৱেশত প্ৰায় ২ ঘন্টা ধৰি নগাঁও আৰক্ষী অধিক্ষকে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।তেল চুৰিৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।কলিয়াবৰ উলুৱানী আৰক্ষী থানাত আত্মসমৰ্পণ বিধায়ক নৰুল হুদাৰ পু্ত্ৰ ৰকিবুল হুদাৰ।
তেল চুৰি গেঙৰ সৈতে নাম সাঙোৰ খাইছে ৰকিবুল হুদাৰ।
বিগত ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে গুৱাহাটী,ৰূপহীত অভিযান চলাই আছিল তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে।ইতিমধ্যে¸শনিবাৰে এই ঘটনাৰ সৈতে জড়িত পাঁচজনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।ৰকিবুল হুদাই তেল চুৰি চক্ৰৰ পৰা Google pay ৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।ৰকিবুল হুদা কলিয়াবৰ জিলা আমছুৰ সভাপতি।আৰক্ষী জালত পৰা ধৃত পাচঁজন ক্ৰমে তেজপুৰ কছাৰী পামৰ আলম আলী,তেজপুৰ ভোমাৰাগুৰিৰ আব্দুল খলিল,বাগৰিৰ জামাল উদ্দিন,বাগৰি হাৰমতিৰ তাহেৰ আলী আৰু চামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলী।লগতে আৰক্ষীয়ে জব্দ কৰে দখন বিলাসী বাহন আৰু নগদ এক লাখ টকা ।তেল চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা চুইফট বাহন খনৰ নম্বৰ হৈছে AS-12AA-2648 আৰু কিয়া বাহন খনৰ নম্বৰ হৈছে AS-12-AE-8977 ।