ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী।ৰূপহী গৰু বজাৰ চাহৰ দোকানৰ পৰা দুটা চাবোনৰ বাকচ ভৰ্ত্তি সন্দেহ যুক্ত হিৰ’ইন সহ আটক কৰে দুজনকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হল বকুল আলী আৰু আবু হানিফা।আৰক্ষীয়ে গোপন সূত্ৰতৰ পম খেদি ৰূপহী গৰু বজাৰৰ পৰা কৰায়ত্ব কৰে দুয়োকে ধৃত দ্বয়ৰ ঘৰ ৰূপহী টাউন এলেকাত।উল্লেখ্য যে ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছত হে সাৰ পালে ৰূপহীহাট আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ২৪.১৪ গ্ৰাম।
সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।
