ৰিয়াৰ জামিনৰ পূৰ্বে সংবাদ মাধ্যমৰ বাবে কি নিৰ্দেশ মুম্বাই আৰক্ষীৰ?

66

ডিজিটেল ডেস্কঃ প্ৰায় এমাহ কাৰাগাৰৰ জীৱন পাৰ কৰাৰ অন্তত বুধবাৰে বোম্বে উচ্চ ন্যায়ালয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন মঞ্জুৰ কৰিছে। তাৰ পিছতে এতিয়া মুকলি আকাশৰ তললৈ আহিব ড্ৰাগছ কাণ্ডত জড়িত থকাৰ অভিযোগত নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তী। অৱশ্যে আদালতে খাৰিজ কৰিছে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন।

কিন্তু ৰিয়া মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বে সংবাদ মাধ্যমক লৈ বিশেষ জাননী জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে। ৰিয়াৰ গ্ৰেপ্তাৰৰ পূৰ্বে সংবাদ মাধ্যমে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই আৰক্ষীয়ে এইবাৰ সকিয়নী প্ৰদান কৰিছে যে যদি কোনো মিডিয়া পাৰ্ছনে কোনো ব্যক্তিৰ পিছা কৰে অথবা পথত বাহন অৱৰোধ কৰি বাইট লোৱাৰ চেষ্টা চলায়, তেন্তে তেনে সংবাদ মাধ্যমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে যদি কোনো সাংবাদিকে চেলিব্ৰেটীৰ বাহনৰ ভিতৰত মাইক ভৰাই দি জোৰ জবৰদস্তি মন্তব্য লোৱাৰ চেষ্টা চলায়, তেন্তে তেনে সাংবাদিকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে মুম্বাই আৰক্ষীয়ে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডৰ সৈতে ৰিয়া জড়িত থকাৰ অভিযোগ তুলিছিল সুশান্ত সিঙৰ পৰিয়াল তথা অনুৰাগীয়ে। তাৰ পিছতে একাংশ সংবাদ মাধ্যমৰ মূল শিৰোনাম হৈ পৰিছিল ৰিয়া চক্ৰৱৰ্তী। নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ই গ্ৰেপ্তাৰ কৰাৰ পূৰ্বেই একাংশ সংবাদ মাধ্যমে ৰিয়াক সুশান্তৰ হত্যাকাৰী হিচাপেও প্ৰতিষ্ঠা কৰিছিল। কোভিড প্ৰট’কল অমান্য কৰি ৰিয়াৰ বাইট বিচাৰি একাংশ সংবাদ মাধ্যমে ৰিয়াক হাৰাশাস্তি কৰাও পৰিলক্ষিত হৈছিল।