‘ৰিয়াই মোৰ পুত্ৰক দীৰ্ঘদিনৰ পৰা বিহ খুৱাই আহিছিল, তাই হত্যাকাৰী’

86

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ পৰা সুশান্ত সিং ৰাজপুতক বিহ খুৱাই আহিছিল ৰিয়া চক্ৰৱৰ্তীয়ে। -এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সুশান্ত সিঙৰ পিতৃ কৃষ্ণ কুমাৰ সিঙে। ইডিয়ে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱহাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব বুলি প্ৰকাশ পোৱাৰ পিছতে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সুশান্তৰ পিতৃয়ে। আনকি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক হত্যাকাৰী আখ্যাও দিয়ে কেকে সিঙে।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা বাৰ্তালাপত কেকে সিঙে কয়, ‘ৰিয়াই মোৰ পুত্ৰক দীৰ্ঘ সময়ৰ পৰা বিহ খুৱাই আহিছিল। তেওঁ হত্যাকাৰী। তদন্তকাৰী সংস্থাই ৰিয়া আৰু তেওঁৰ সহযোগীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সুশান্তৰ পিতৃ কেকে সিঙে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে আৰ্থিক অপৰাধ আৰু সুশান্ত সিঙক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি পাটনা আৰক্ষীত এজাহাৰ দাখিল কৰিছিল। ইফালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই গোচৰৰ বৰ্তমান তদন্ত চলাই আছে চিবিআইয়ে। আনহাতে মানী লণ্ড্ৰানিং গোচৰৰ তদন্ত অব্যাহত ৰাখিছে ইডিয়ে।