ৰিয়া চক্ৰবৰ্তীক গ্ৰেপ্তাৰ কৰিলে NCB-এ

75

ৰিয়া চক্ৰবৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছে। বলিউডৰ তাৰকা সুশান্ত সিং ৰাজপুতৰ মৃত্য়ুৰ  তদন্ত কৰি থকা এন চি বি-এ (NCB) মঙলবাৰে ৰিয়া চক্ৰবৰ্তীক গ্ৰেপ্তাৰ কৰে। তথ্য় অনুসৰি ৰিয়াক এতিয়া মেডিকেল পৰীক্ষাৰ কাৰণে নিয়া হৈছে। ৰিয়াৰ বিৰুদ্ধে একাধিক প্ৰমাণ লাভ কৰিছে এনচিবিয়ে।

ৰিয়াক একেৰাহে তিনি দিন ধৰি সোধা-পোচা কৰা হৈছিল কিন্তু বহু প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত ৰিয়াক বিএমচিৰ চায়ন হাস্পতাললৈ নি টেষ্ট কৰোৱাৰ কথা।