ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী চূড়ান্ত।
ৰিপুণ বৰাকে পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কংগ্ৰেছৰ।
বুধবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ এখন বৈঠক।
বৈঠকত উপস্থিত আছিল সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া।
বৈঠকৰ পিছত ৫ জনৰ নাম চূড়ান্ত কৰি প্ৰেৰণ কৰা হৈছিল হাই কমাণ্ডলৈ।
তাৰ পিছতে ৰিপুণ বৰাক পুনৰ প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।
অৱশ্যে এতিয়াও এই সন্দৰ্ভত আনুষ্ঠানি্ক ঘোষণা কৰা নাই কংগ্ৰেছে।
উল্লেখ্য যে, ৩১ মাৰ্চত সমগ্ৰ দেশৰ লগতে অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।
২১ মাৰ্চ হৈছে মনোয়নন দাখিলৰ অন্তিম তাৰিখ।
বৃহস্পতিবাৰে ৰিপুণ বৰাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।
