ৰিখটাৰ স্কেলত প্ৰাবল্য ৬.৭! পুৱাই ত্ৰস্তমান ৰাজ্যবাসী

90

এফালে কোৰোনাৰ সন্ত্ৰাস। তাৰ মাজতে লীলা দেখুৱালে প্ৰকৃতিয়ে। আজি পুৱা সমগ্ৰ অসম কঁপাই গ’ল এটা নহয়, দুটা নহয়, তিনিটাকৈ ভূঁইকঁপে। প্ৰথমটো ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৭ মেগনিটিউড। পিছৰ দুটা আছিল মৃদু ভূমিকম্প।

পুৱা ৭.৫১ বজাত প্ৰায় ৩০ ছেকেণ্ড ধৰি অনুভূত কম্পনত ত্ৰস্তমান হৈ পৰিল সমগ্ৰ অসম। গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত দেখা গ’ল বিস্তৰ ক্ষতি। বহু অট্টালিকাত ফাঁট মেলিল, বহু ঠাইত খহি পৰিল নিৰ্মিয়মান আৱাস। কোনো কোনো ঠাইত মাটি ফুটি বাহিৰ হোৱা দেখা গ’ল পানীৰ ফোৱাৰ।

<blockquote class=”twitter-tweet”><p lang=”en” dir=”ltr”>Water seeping out from a paddy field in Narayanpur area of Dhekiajuli, the epicenter of the massive 6.7 earthquake in Assam <a href=”https://t.co/BOD6bfCp6s”>pic.twitter.com/BOD6bfCp6s</a></p>&mdash; Himanta Biswa Sarma (@himantabiswa) <a href=”https://twitter.com/himantabiswa/status/1387247559152869381?ref_src=twsrc%5Etfw”>April 28, 2021</a></blockquote> <script async src=”https://platform.twitter.com/widgets.js” charset=”utf-8″></script>

১৯৫০ চনৰ পিছত প্ৰথমবাৰলৈ এনে এক বৃহৎ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ইয়াৰ পূৰ্বে ২০১৬ চনত মণিপুৰৰ ইম্ফলত একে প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল যদিও তাৰ প্ৰভাৱ অসমত সিমানকৈ পৰা নাছিল। সেই ভূমিকম্পত প্ৰাণ হেৰুৱাইছিল ১১জনকৈ লোকে। ধ্বংসস্তূপত পৰিণত হৈছিল বহু ঘৰ-দুৱাৰ।

১৯৫০ চনৰ ১৫ আগষ্টত অনুভূত হৈছিল ভাৰতীয় ইতিহাসৰ সৰ্ববৃহৎ সেই ভূমিকম্প। ৰিখটাৰ স্কেলত যাৰ প্ৰাবল্য আছিল ৮.৬ মেগনিটিউড। বিংশ শতিকাৰ সৰ্ববৃহৎ ১০টা ভূমিকম্পৰ মাজৰ এটা আছিল সেই ভূমিকম্প। য’ত ১৫শতকৈ অধিক লোকৰ প্ৰাণহানি হৈছিল। ধ্বংস হৈ গৈছিল বহু ঘৰ-দুৱাৰ, ঐতিহাসিক ক্ষেত্ৰ।

সেই ঘটনাৰ ৭১ বছৰ পিছত আজি যেন আকৌ প্ৰকৃতি ক্ষোভিত হৈ পৰা দেখা গ’ল। ৬.৭ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এই ভূইকঁপে এতিয়ালৈকে প্ৰাণহানিৰ খবৰ কঢ়িয়াই নানিলেও ক্ষতি হৈছে অনেক। এফালে কোৰোনা, আনফালে ভূমিকম্প। মানুহৰ ওপৰত যেন এইবাৰ প্ৰকৃতি সঁচাকৈয়ে ক্ষুন্ন হৈ পৰিছে কোনো কাৰণত।