ৰাহুল দ্ৰাবিড় হব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক

122

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় দলৰ অধিনায়ক ৰাহুল দ্ৰাবিড় অৱশেষত পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হ’বলৈ সন্মত হৈছে।

ক্ৰিকেটৰ ৱাল খ্যাত খেলুৱৈ দ্ৰাবিড় যোৱা ছয় বছৰ ধৰি ভাৰত এ আৰু অনুৰ্ধ-১৯ ছেট-আপৰ দায়িত্বত আছে। তেওঁ বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰো (এনচিএ) মুৰব্বী।

ৰাহুল দ্ৰবিড়ৰ প্ৰশিক্ষণতে ঋষভ পন্ত, আবেশ খান, পৃথ্বী শ্ব, হনুমা বিহাৰী আৰু শুভমান গিলৰ দৰে বহুতো খেলুৱৈয়ে আজি ৰাষ্ট্ৰীয় ক্ৰিকেট দল আৰু আইপিএলত নিজৰ ভেটি গঢ়িবলৈ সক্ষম হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে শুকুৰবাৰে নিশা তেওঁৰ সৈতে এক বৈঠকত মিলিত হয়, য’ত তেওঁলোকে তেওঁক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হ’বলৈ আহ্বান জনায়।

আনহাতে, দ্ৰাবিড়ৰ বিশ্বস্ত পাৰস মাম্ব্ৰেক বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে আনহাতে বিক্ৰম ৰাথৌৰে বেটিং প্ৰশিক্ষক হিচাপে অব্যাহত ৰখাৰ সম্ভাৱনা আছে।

ৰবি শাস্ত্ৰীকে ধৰি, বৰ্তমানৰ ভাৰতীয় প্ৰশিক্ষণ কৰ্মচাৰীৰ কাৰ্যকাল টি-২০ বিশ্বকাপৰ পিছত সমাপ্ত হ’ব।