ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ সমিতিৰ প্ৰতিবাদ

116

ষ্টাফৰিপৰ্টাৰ, ১৬ জুন : ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত মংগলবাৰে ভৰলুমুখ শ্লুইছ গেটৰ পৰা ভৰলুমুখ থানালৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্য্যসূচীৰ জৰিয়তে গুৱাহাটীৰ মহানগৰীৰ দিন দুপৰতে হত্যা কৰা ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ বিৰুদ্ধে ফ্ৰাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ চলাই ক’ম দিনৰ ভিতৰতে দোষীক শাস্তি বিহাৰ দাবী জনায়। লগতে প্ৰয়াত পেগুৰ পত্নীক চৰকাৰী চাকৰি আৰু ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ আহ্বান জনায়। এই কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি প্ৰাঞ্জল মজুমদাৰে কয় ” খিলঞ্জীয়া লোক সকলক এটাৰ পাছত এটাকৈ ষড়যন্ত্ৰ মূলক আক্ৰমণ কৰি হত্যা কৰা হৈছে। অপৰাধীৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি অসমৰ ভূমিপুত্ৰ সকলৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগে। ” সমিতিয়ে লগতে উপৰোক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ ভৰলুমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীলৈ প্ৰেৰণ কৰে।