অসমৰ ক্ৰীড়াবিদ নয়নমণি শইকীয়াৰ অৰ্জুন বঁটা গ্ৰহণ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ ক্ৰীড়াৰ সৰ্বোচ্ছ সন্মান অৰ্জুন বঁটা, ২০২২।
দিল্লীত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে অসমৰ ল’ন বল খেলুৱৈ নয়নমণি শইকীয়াই।
উল্লেখ্য যে, ২০২২ বৰ্ষক কমনৱেল্থ গেমছত ল’ন বলত স্বৰ্ণ পদক জয়েৰে দেশবাসীক গৌৰৱাম্বিত কৰিছিল নয়নমণি শইকীয়াই।
ইয়াৰ পূৰ্বে ২০১৮ চনত এছিয়ান চেম্পিয়নশ্বিপতো তেওঁ লাভ কৰিছিল ব্ৰঞ্জৰ পদক।
