ৰাষ্ট্ৰপতিক ৰাজহুৱা স্থানত চৰ! ভাইৰেল ভিডিঅ’

82

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। এই ভিডিঅ’টোত ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধান ইমানুৱেল মেক্ৰ’নক এজন যুৱকে ৰাজহুৱা স্থানত চৰ শোধোৱা প্ৰত্যক্ষ হৈছে।

জানিব পৰা মতে, দেশখনৰ দক্ষিণ-পূব ফ্ৰান্সৰ ড্ৰোমত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত ৰাইজৰ সম্ভাষণ লবলৈ আগবাঢ়িছিল ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন। কিন্তু সেই সময়তে সন্মুখৰ উপস্থিত জনতাৰ মাজৰ এজন যুৱকে ৰাষ্ট্ৰপতি মেক্ৰ’নক প্ৰচণ্ড চৰ শোধায়।

ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে লগে লগে যুৱকজনক গ্ৰেপ্তাৰ কৰে। ইফালে ৰাষ্ট্ৰপতি মেক্ৰ’নক এনেদৰে ৰাজহুৱা স্থানত অপদস্থ কৰাৰ ঘটনাক ফ্ৰান্সৰ গৃহ বিভাগে গুৰুত্ব সহকালৈ লৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।