ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছা বিদ্যালয় খনৰ পয়ালগা প্ৰতিচ্ছবি

181

সময়ত সমগ্ৰ দেশত স্বাধীনতাৰ 75 বছৰীয়া অমৃত মহোৎসৱ পালন কৰা হৈছে য’ত শিক্ষাৰ প্ৰগতিৰ বাবে চৰকাৰে নতুন নতুন আঁচনি হাতত লৈছে সেই সময়তে নগাওঁ জিলাৰ ঐতিহাসিক বটদ্ৰৱা অঞ্চলৰ দাঁতিকাষৰীয়া হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছা বিদ্যালয় খনৰ পয়ালগা প্ৰতিচ্ছৱিয়ে সকলোৰে চকু কপালত উঠিছে। এই দৃশ্য সমূহলৈ মন কৰক।কেমেৰাৰ সন্মুখত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই এম বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিকূল ইছলামৰ চৰম অৰাজকতাৰ কাৰনে বৰ্তমান বিদ্যালয় খনৰ পয়ালগা অৱস্থাৰ ফালে গতি কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি বিগত দুটা বছৰ ধৰি বিদ্যালয় খনত প্ৰধান শিক্ষক আৰু বিদ্যালয় চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী চাদিকূল ইছলাম, উপস্থিত নাই। বিভাগীয় কতৃপক্ষক মেনেজ কৰি বিগত দুটা বছৰৰ এটা দিনো বিদ্যালয়ত অনুপস্থিত আছে প্ৰধান শিক্ষক ছফিকুল ইছলাম। আনহাতে বিদ্যালয়ৰ চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী চাদিকুল ইছলাম নগাওঁত ব্যৱসায় কৰে। বিদ্যালয় পৰিচালনা সমিতিয়েও প্ৰধান শিক্ষক আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী জনৰ অনুপস্থিতিৰ কাৰণ বহুত বাৰ বিভাগীয় কতৃপক্ষক অবগত কৰিছে, কিন্তু বিভাগীয় কতৃপক্ষয় গুৰুত্ব দিয়া নাই। পৰিচালনা সমিতিৰ সভাপতি জনক প্ৰধান শিক্ষকে চেকত চহী কৰিবলৈ বাধ্য কৰাই টকা উঠাই স্থানীয় এজন সহকাৰী শিক্ষকৰ সহযোগত বিদ্যালয় খন চলাইছে। এই সকল চৰকাৰী বেতনভোগী শিক্ষকে দৰমহা আৰু অন্যান্য সা সুবিধা সমূহ ঠিকেই লাভ কৰিছে যদিও ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটো বিদ্যালয়ত দিনে দিনে নিম্নগামী হৈ আহিছে। স্থানীয় ৰাইজে এনে অৰাজকতাৰ বাবে বিভাগীয় উদ্ধতম কতৃপক্ষক জগৰীয়া কৰিছে।