ৰাম জন্মভূমিত মছজিদ ন্যাস গঠনৰ বাবে কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

55

ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে অযোধ্যাৰ ৰাম জনমভূমি ৰায়ৰ সময়ত চুন্নী ৱাকফ বোৰ্ডে লাভ কৰা ৫ একৰ ভূমিৰ বাবে ন্যাস গঠনৰ বাবে কৰা আবেদন খাৰিজ কৰে। আবেদনখনত শ্ৰীৰাম ট্ৰাষ্ট স্থাপন কৰাৰ দৰে একে শাৰীত ন্যাস গঠন কৰি চুন্নী ৱাকফ বোৰ্ডক পাঁচ একৰ ভূমি হস্তান্তৰ কৰিবলৈ দাবী জনোৱা হৈছিল।

ন্যায়াধীশ আৰ এফ নাৰিমানৰ নেতৃত্বত বিচাৰপীঠে দুজন অধিবক্তাই দাখিল কৰা আবেদন খাৰিজ কৰে। আবেদনখনত কোৱা হৈছে যে পুঁজিৰ সঠিক ব্যৱস্থাপনাৰ বাবে ব্যক্তিগত লোক আৰু ৰাজ্য চুন্নী বোৰ্ডৰ সদস্যসকলৰ উপৰিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতি প্ৰয়োজন।