ৰাণীত জনজাতি বোৱনী মহিলাৰ তাঁতশালৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

76

গুৱাহাটী: পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই সমষ্টিটোৰ বোৱনী মহিলা সকলৰ তাঁতশালৰ দক্ষতা বৃদ্ধিৰে তেওঁলোকক আর্থিকভাবে স্বাৱলম্বী কৰাৰ বাবে শেহতীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে সমষ্টিৰ অনুসূচীত জনজাতি মহিলা সকলৰ তাঁতশালত নতুন আৰ্হি , উন্নত কাৰিকৰী কৌশল আদিৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে অসম – মেঘালয় সীমান্তৰ ৰাণীৰ বাহুপাৰাত আজিৰে পৰা আভা ফাউণ্ডেশ্যন আৰু গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ ( আই আই ই ) যৌথ উদ্যোগত আৰম্ভ কৰিছে অনুসূচীত জনজাতি মহিলাৰ তিনিমহীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ।

শিবিৰত নিৰ্বাচিত ২৬ জনী মহিলাক উন্নত মানৰ ‘জাকাৰ্ট’ তাঁতশালত প্ৰশিক্ষণ দিয়া হব। আনহাতে শিবিৰ মুকলি কৰি বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলা সকলৰ উজ্বল ভৱিষ্যত কামনা কৰি তেওঁলোকে প্ৰশিক্ষণৰ অন্তত একোগৰাকী দক্ষ শিপিনী হিচাপে উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হব বুলি আশা ব্যক্ত কৰে।

শিবিৰত আই আই ই ৰ মুখ্য প্রকল্প বিষয়া হেমন্ত ৰাভা, আভা ফাউণ্ডেচনৰ কাৰ্যবাহী অনু মণ্ডল, ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি বিত্তীয় উন্নয়ন নিগম (এন এছ টি এফ ডি চি) মাণ্ডলিক প্ৰবন্ধক নিভা বড়োকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে শিপিনী সকলে তাঁতশালত উৎপাদন কৰা কাপোৰখিনি বিপণনৰ বাবে আই আই ই য়ে ব্যৱস্থা গ্ৰহণ কৰিব । তেনেদৰে আভা ফাউদেশ্যনে প্ৰশিক্ষণ আৰু এন এছ টি এফ ডি চি য়ে বিত্তীয় সাহায্য আগবঢ়াব।