ৰাজ্যৰ বন্যাৰ্তৰ কাষত বলীউড তাৰকা অৰ্জুন কাপুৰ, ৰোহিত ছেট্টীঃ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান

125

ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ সময়তে বলীউডৰ তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত ছেট্টীয়ে ৰাজ্যখনৰ বানপীড়িত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে।

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীয়ে অসমৰ বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়ায়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বানপীড়িত জনসাধাৰণৰ প্ৰতি অৰ্জুন কাপুৰ আৰু ৰোহিত ছেট্টীয়ে আগবঢ়োৱা সাহায্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণিৰে অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে। তেওঁলোকৰ চিন্তা আৰু উদাৰতাৰ কাৰ্য্যৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো।”