ষ্টাফৰিপৰ্টাৰ,৭জুন :: অসমীয়া ভাষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰী, বে-চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাধ্যতামূলক ভাবে পঢ়াব লাগিব “অসমীয়া” বিষয়। এই ক্ষেত্ৰত ৰাজ্যত থকা প্ৰতিখন চি বি এছ ইৰ অধীনত থকা বিদ্যালয়েও মানিব লাগিব এই নিয়ম। ইতিমধ্যে আইনখন অনুমোদন জনাইছে ৰাজ্যপালে। কিন্তু বৰাক উপত্যকা আৰু বড়োলেণ্ড ইয়াৰ আওতালৈ নাহে।