ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধীৰ শ্ল’গান- মোডী-আদানী ভাই-ভাই…

76

বৃহস্পতিবাৰে ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আৰম্ভ কৰাৰ সময়তে বিৰোধী দলৰ সাংসদসকলে “মোডী-আদানি ভাই-ভাই” শ্লোগানেৰে উত্তাল কৰি তোলে।

আনকি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সময়তে একাংশ সদস্যই সদনৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সদস্যসকলক শিষ্টাচাৰ বজাই ৰাখিবলৈ আৰু আসন গ্ৰহণ কৰিবলৈ কয়।

উল্লেখ্য যে, এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিশ্বৰ ভিতৰতে চৰ্চিত ধনাঢ্য ব্যক্তি গৌতম আদানীক লৈ এক সুদীৰ্ঘ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে গৌতম আদানীৰ সম্পত্তিৰ ওপৰত তদন্ত চলাবলৈ সংসদত দাবী জনাই আহিছে বিৰোধীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কৃপাদৃষ্টিৰ বাবেই বিগত ৯ বছৰৰ ভিতৰত গৌতম আদানী বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা বুলি অভিযোগ কৰি আহিছে বিৰোধীয়ে।

কিন্তু মোডী চৰকাৰে আদানীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কোনোপধ্যেই মান্তি নোহোৱাত দুয়োখন সদনতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে।