বিজেপিৰ সহযোগী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ (ইউপিপিএল) আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী হিচাপে ৰণগৌৰা নাৰ্জাৰীৰ নাম ঘোষণা কৰিছে। নাৰ্জাৰী বৰ্তমান ইউপিপিএলৰ কাৰ্যকৰী সভাপতি।
ইফালে, টুইটাৰযোগে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) মুখ্য কাৰ্যবাহী সদস্য (চিইএম) প্ৰমোদ বড়োৱে কয়, “ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীক আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি আমি সঁচাকৈয়ে সুখী। আমাক প্ৰতিদ্বন্দিতা কৰিবলৈ ৰাজ্যসভাৰ এখন আসন দিয়াৰ বাবে আমি আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ বিজেপি আৰু অগপক আন্তৰিক ধন্যবাদ জনাইছো।”
৬খন ৰাজ্যৰ ১৩ খন ৰাজ্যসভাৰ আসন পূৰণৰ বাবে নিৰ্বাচন ৩১ মাৰ্চত অনুষ্ঠিত হ’ব।
১৩ খন আসনৰ ভিতৰত পাঁচখন পঞ্জাৱত, তিনিখন কেৰালাত, দুখন অসমত আৰু এটা কৈ হিমাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডত আছে।
